ASSAM TIMES POST
নগাঁওঃ মানৱতাক ভূলুণ্ঠিত কৰা এক ঘটনা পুনৰ সংঘটিত হৈছে নগাঁৱত । পৱিত্র নামঘৰৰ প্ৰৱেশ দ্বাৰৰ গ্ৰীলত ওলমাই থোৱা এটা মোনাৰ ভিতৰত উদ্ধাৰ হৈছে এটি জীৱন্ত নৱজাতক । সোমবাৰৰ নিশা নগাঁও চহৰৰ ৰত্নপুৰ নামঘৰৰ প্ৰৱেশ দ্বাৰত এনেদৰে পৰিত্যক্ত অৱস্হাত উদ্ধাৰ হয় এই নৱজাতকটি ।

কোনো নাৰী-পুৰুষৰ অবৈধ কামনাৰ পৰিনতিত ভূমিষ্ঠ হোৱা এই নিষ্পাপ নৱজাতকটিক নিজৰ কলংক ঢাকিবলৈ এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে।
সোমবাৰৰ নিশা নিজ কৰ্মৰ পৰা ঘৰলৈ উভতি অহাৰ পথত শ্ৰম বিভাগৰ এগৰাকী চৰকাৰী বিষয়াৰ এজন গাড়ী চালকে ৰত্নপুৰ নামঘৰৰ প্ৰৱেশ দ্বাৰৰ গ্ৰীলত ওলমি থকা এটা মোনাৰ ভিতৰৰ পৰা শিশুৰ ক্ৰন্দন ভাহি অহা শুনিবলৈ পায় ।
পাচত গাড়ী চালকজনে গ্ৰীলত ওলমি থকা মোনাটো নমাই খুলি চোৱাত মোনাৰ ভিতৰত নৱজাতকটি দেখা পায়। পাচত উক্ত স্হানত স্থানীয় কেইবাজনো লোক গোট খাই আৰু ঘটনা সম্পর্কত আৰক্ষীক অৱগত কৰাত আৰক্ষী উপস্থিত হৈ নৱজাতকটিৰ চিকিৎসাৰ ব্যৱস্থা কৰে ।
সম্প্ৰতি নগাঁৱৰ ম’হখুলি চিকিৎসালয়ৰ বেবী আই চি ইউ ত চিকিৎসাধীন হৈ আছে নৱজাতকটি । কন্যা সন্তান এই নৱজাতকটি কেইদিনমান পূৰ্বে ভূমিষ্ঠ হোৱা বুলি সন্দেহ কৰা হৈছে।












