ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ এতিয়াও অব্যাহত আছে গোলাঘাটত ড্ৰাগছৰ ৰমৰমীয়া বেহা।সঞ্জীব গোস্বামী নামৰ এজন যুবক ড্ৰাগছৰ ব্যৱসায়ৰ কবলত পৰি মৃত্যু হোৱাৰ পাছতো ব্যাপক হাৰত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত চলি আছে নিষিদ্ধ ড্ৰাগছৰ অবাধ বেহা।

সোমবাৰে গোলাঘাটত সাতজনকৈ ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ পিছত পোহৰলৈ আহিছে ন ন তথ্য। জানিব পৰা মতে গোলাঘাট শান্তিপুৰৰ সমীৰ আহমেদ নামৰ এজন যুৱকে ড্ৰাগছ লয় দিনটোত ৫ বা ৬ বাৰকৈ। লগতে প্ৰকাশ কৰে যুৱকজনক গোলাঘাট আৰু ফৰকাটিঙত আজিও চলি থকা ড্ৰাগছৰ ভয়াবহ ঘটনাৰ কথা।ফৰকাটিং ৰেলৱে ষ্টেচনত ট্ৰেইনৰ যোগে সৰবৰাহ হোৱা ড্ৰাগছে চানি ধৰিছে সমগ্ৰ গোলাঘাট।

অলিয়ে গলিয়ে সহজে উপলব্ধ ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে জেহাদ কৰিছে যদিও ড্ৰাগছ বেপাৰীসমুহ জেলৰ পৰা ওলাই আকৌ নামি পৰে এই অবৈধ ব্যৱসায়ত। এই সাতটাকৈ ধৃতক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে কিন্তু বহু যুব প্ৰজন্মক ধ্বংস কৰা ড্ৰাগছৰ লগত জড়িত হৈ আছে গোলাঘাটৰ এটা বৃহৎ শক্তি।

যোৱা জুন মাহত গোলাঘাট চান্দমাৰিৰ সঞ্জীব গোস্বামী নামৰ যুবকজন ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি মৃত্যু হোৱাৰ পাছত জোকাৰণি সৃষ্টি হৈছিল গোলাঘাটত।তাৰ পিছতো ড্ৰাগছৰ ব্যৱসায় চলি আছে গোলাঘাটৰ বিভিন্ন স্হানত।এতিয়ালৈকে ড্ৰাগছ কবলত পৰা বহু যুবকক আৰক্ষীৰ সহযোগত ডিফুৰ Rehabilitation ত পঠাইছে। উল্লেখ্য যে ড্ৰাগছে চানি ধৰা গোলাঘাটত আৰক্ষীয়ে এটা বিশেষ অভিযান চলাই অধিক জোৰদাৰ কৰিলে হে শেষ হব বুলি আশা কৰিছে সচেতন মহলে।













