ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৩৪০৮৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৩৭৫ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩১৬জন গোলাঘাটৰ, ২৩১জন যোৰহাটৰ, ১৬৮জন কামৰূপ মেট্ৰ’ৰ আৰু ১৬৬জন লখিমপুৰৰ। শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১.৭৭ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ২৮ জন ব্যক্তিৰ৷ উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৫২৪ জন ব্যক্তি।ৰাজ্যত সুস্থৰ হাৰ ৯৪.২৪ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫১৫৯৮১জনলৈ বৃদ্ধি পাইছে।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৩৭৩৭ জন ৰোগী।












