ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৯১৪৫২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৪৭৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩৩০জন গোলাঘাট, ১৯১জন নগাঁৱৰ, ১৮০জন যোৰহাটৰ আৰু ১৭৯জন শোণিতপুৰৰ। বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.৭১ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৩০ জন ব্যক্তিৰ৷ উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩০৫৩ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৩.৯১ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫০৮৪৮৪ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৫০৮৮ জন ৰোগী।












