ASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত আজি বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। ডিব্ৰুগড়ৰ পাঁচ আলিৰ পৰা আৰক্ষীয়ে এক অভিযান চলাই ১৩ কেজি ৫০০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে হেমন্ত দাস নামৰ এক ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ডিব্ৰুগড় নগৰত নিষিদ্ধ ড্ৰাগছৰ লগতে গাঞ্জা আদিৰ লগতে নিচাযুক্ত দ্ৰব্যৰ অবাধ সৰবৰাহ আৰু বিক্ৰীয়ে নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে।
শেহতীয়াকৈ ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই বহু পৰিমানৰ ড্ৰাগছ জব্দ কৰা লগতে আজি বহু পৰিমাণে গাঞ্জা জব্দ কৰে।
হেমন্ত দাস নামৰ ধৃত ব্যৱসায়ীটোৱে ত্ৰিপুৰা আৰু মণিপুৰৰ পৰা গাঞ্জা সমুহ আনি ডিব্ৰুগড়ত ব্যৱসায় চলাই আহিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।












