ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৩৩৫৪৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৬৮৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ২৭৮জন গোলাঘাটৰ, ২২৮জন শোণিতপুৰৰ, ১৭৮জন যোৰহাটৰ আৰু ১৬৪জন কামৰূপ মেট্ৰ’ৰ। সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.০১ শতাংশ।
আনহাতে, সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৪২জন ব্যক্তিৰ৷ উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩৩৯৪ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৩.৮৭ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫০৩৩৩৩ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৫০৪৩ জন ৰোগী।












