ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৬৬২২৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৭২৮গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ২১২জন গোলাঘাটৰ, ১৮৭জন কামৰূপ মেট্ৰ’ৰ, ১৭৭জন শোণিতপুৰৰ আৰু ১৭১জন নগাঁৱৰ। বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১.৬৪ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৩০ জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩৮০২ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯২.৬৩ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৯০৯০৭ জনলৈ বৃদ্ধি পাইছে ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৩০৫২৪ জন ৰোগী।












