ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৭০৮৫৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৮০৫গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ইয়াৰে ১৫৮জন কামৰূপ মহানগৰৰ। সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১.৬৪ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৩৫ জন ব্যক্তিৰ৷ উল্লেখ্য বৰ্তমান সময়ত ৰাজ্যত আৰোগ্যৰ হাৰ ৯২.৪০ শতাংশ।












