ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭৮০৫০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৭৭৫ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৬০জন শোণিতপুৰৰ, ১৩৬জন ডিব্ৰুগড়ৰ, ১৩৩জন কামৰূপ মেট্ৰ’ৰ আৰু ১২৩জন যোৰহাটৰ।দেওবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.২৭ শতাংশ।
আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ৩০ জন ব্যক্তিৰ৷উল্লেখ্য যে দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩৫৫৯ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯২.১৭ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৮২৫০৫জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৩২২০৭জন ৰোগী।












