ASSAM TIMES POST
গুৱাহাটীঃ ৫ম গৰৱাল সেনা আৰু চিৰাং আৰক্ষীৰ যুটীয়া অভিযানত দেওবাৰে গ্ৰেপ্তাৰ হয় এনডিএফবি (এছ)ৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী কামাখ্যা দৈমাৰী। চিৰাং আৰক্ষীয়ে সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাই যে বিশ্বস্ত সূত্ৰৰ তথ্যৰ ভিত্তিত সশস্ত্ৰ সন্ত্ৰাসবাদীটোৰ বিৰুদ্ধে চিৰাঙৰ ৰুণীখাটা আৰক্ষী থানাৰ এলেকাধীন ভূৰ নদীৰ পাৰৰ খুতি নামৰ অঞ্চলটোত অভিযান আৰম্ভ কৰা হৈছিল। ইয়াত অভিযানকাৰীসকলে সন্ত্ৰাসবাদীটোৱে পূবৰপৰা পশ্চিমলৈ নদীখন পাৰ হোৱাটো প্ৰত্যক্ষ কৰে।

সন্ত্ৰাসবাদীটোক ৰ’বলৈ কোৱা সত্বেও পলাবলৈ চেষ্টা কৰোতেই অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সন্ত্ৰাসবাদীটোৰ পিতৃৰ নাম খুৰড চন্দ্ৰ দৈমাৰী। ঘৰ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত বৰ’কুৰচাকটিত। সন্ত্ৰাসবাদীটোৰপৰা এটা ৭.৬৫ এমএম পিষ্টল আৰু ৪ জাঁই সজীৱ গুলী জব্দ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে ২০১৮ চনত এই সন্ত্ৰাসবাদীটোৱেই গুৱাহাটীৰ ‘নিয়া’ৰ আদালতত আৰক্ষীৰ হাতৰপৰা পলাই গৈছিল। ‘নিয়া’ৰ এটা গোচৰৰ ‘ৱান্টেড’ আছিল এই ধৃত সন্ত্ৰাসবাদীটো। দেওবাৰে গ্ৰেপ্তাৰৰ পাছত আৰক্ষীয়ে এটা পৃথক গোচৰ (নং: ৫৩/১৯, থানাঃ ৰুণীখাট) ৰুজু কৰি সোমাবাৰে চিৰাঙৰ কাজলগাঁৱস্থিত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই সন্ত্ৰাসবাদীটোক।












