ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৭১৯২০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৭০৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ২৬২জন শোণিতপুৰৰ, ২৪০জন গোলাঘাটৰ, ২৩৪জন ডিব্ৰুগড়ৰ আৰু ২১০জন তিনিচুকীয়াৰ।শুকুৰবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.১৬ শতাংশ।
আনহাতে,শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ৩৩ জন ব্যক্তিৰ৷উল্লেখ্য যে শুকুৰবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৮৩৫ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯১.৩৮ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৭৭১৫৯ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৩৫৬৩১ জন ৰোগী।












