ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৩০০৫৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৩৮৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ২৮২জন শোণিতপুৰৰ, ২৪৪জন তিনিচুকীয়াৰ, ২২৪জন কাছাৰৰ আৰু ২০০ জন যোৰহাটৰ। বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.৬ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৩৬ জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৮৮১জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯০.৭০ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৬৯৯৭৬জনলৈ বৃদ্ধি পাইছে ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৩৮৩০৬ জন ৰোগী।












