ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৬,০৪৬টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩,৬৭৮গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ২৩২ জন কামৰূপ মেট্ৰ’ৰ,। সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.৫২ শতাংশ।আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৪৩ জন ব্যক্তিৰ৷উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থৰ হাৰ ৯০.৩৪ শতাংশ।












