ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১০০৪৫৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২১৬৭গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ২২৬জন কামৰূপ মেট্ৰ’ৰ। দেওবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.১৬ শতাংশ।আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ৩৬ জন ব্যক্তিৰ৷উল্লেখ্য যে দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থৰ হাৰ ৯০.১৪ শতাংশ।












