ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৬১৮৯৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৪৬৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ২৬৭ জন শোণিতপুৰৰ, ২৬৪ জন কাছাৰৰ, ২৪৬ জন কামৰূপ মহানগৰীৰ আৰু ২১২ জন তিনিচুকীয়াৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.১৬ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ৪২ জন ব্যক্তিৰ৷উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৫৬০০ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৯.৩৮ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৫৭৩৩০জনলৈ পাইছে বৃদ্ধি।












