ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা আতংকত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ আয়োজন কৰিবলৈ সাজু ৰাজ্যৰ চৰকাৰ। বিষয় আৰু নম্বৰ সংকুচিত কৰি অনুষ্ঠিত হ’ব পৰীক্ষা। দুৰ্যোগ ব্যৱস্থাপনা বিভাগে অনুষ্ঠিত কৰিব লগা পৰীক্ষাত সহযোগ কৰিব স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগে।
১৫ জুলাই পৰা ২৫ জুলাই ভিতৰত চাৰিটা বিষয়ত হ’ব পৰীক্ষাৰ। চাৰি দিনীয়াকৈ চাৰিটা বিষয় অনুষ্ঠিত হ’ব লগা পৰীক্ষাত ২৫ নম্বৰ থাকিব প্ৰতিটো বিষয়ত।
মেট্ৰিক পৰীক্ষাত অসমীয়া আৰু ঐচ্ছিক বিষয় পৰীক্ষা নহব। তাৰ সলনি হ’ব ইংৰাজী, গণিত, সমাজ বিজ্ঞান আৰু বিজ্ঞান।
প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বাবে পৃথক হ’ব প্ৰশ্ন কাকত।