ষ্টাফ ৰিপ’ৰ্টাৰ :
ডিফু : অসম আৰক্ষীয়ে অসমক ড্ৰাগছমুক্ত কৰাৰ বাবে নিৰৱাচ্ছিন্ন অভিযান চলাই থকাৰ মাজত পাহাৰীয়া জিলাতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে কেইবাটাও সফলতা ৷ বিশেষকৈ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে সফলতা লাভ কৰাৰ পিছত আজি জিলাখনৰ সদৰ চহৰ ডিফতো আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি আজি দুপৰীয়াৰ ভাগত ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিফু মাটিপুং পথৰ আৰব’ৰেটাম আৰৱ ক্ৰাফট চেণ্টাৰৰ সন্মুখৰ এটা ভাড়াঘৰত তালাচী চলাই ২৯টা সন্দেহ যুক্ত ড্ৰাগছ কেপচুল জব্দ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ১৬টা SAMPEX PLUS আৰু ১৩ টা SPASCORE VON PLUS বুলি জানিব পৰা গৈছে ৷ ধৃত লোকজনৰ নাম দামোদৰ সিঙৰ পুত্ৰ সন্তোষ সিঙ বুলি জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত নিৰ্মাণ হোৱা আৰবৰেটাম আৰু ক্ৰাফট চেণ্টাৰত বহু নৱ প্ৰজন্মই নিতৌ বিনোদন কৰিবলৈ আহে তেনে সময়ত ধৃত ড্ৰাগছ আসক্ত আৰু বিক্ৰেতা সন্তোষ দাসৰ ওচৰত জব্দ কৰা সন্দেহযুক্ত ড্ৰাগছখিনিয়ে সচেতন মহলৰ বাবে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে ৷