ছাইদুল ইছলাম
ডিফু : চমুতে হ’বলগীয়া কাৰবি বিদ্ৰুোহী সংগঠন আৰু চৰকাৰৰ মাজত হ’বলগীয়া শান্তিচুক্তি সন্দৰ্ভত বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সমান্তৰালকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ এজেৱাইচিপিয়ে বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷ এজেৱাইচিপিৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে, জিতু ফুকন আৰু জিণ্টু হাজৰিকা স্বাক্ষৰিত স্মাৰক-পত্ৰখনত উল্লেখ থকা অনুসৰি দুয়োগৰাকী নেতাই প্ৰস্তাৱিত শান্তিচুক্তিখনক আদৰণি জনাই কাৰবি পাহাৰীয়া জিলাখনক উন্নয়ণৰ উচ্চ শিখৰলৈ নিয়াবলৈ আহ্বান জনায় ৷ জিলাখনত উন্নয়ণৰ এক নৱ ধাৰা বৈ যোৱাৰ কামনা কৰে ৷
লগতে নেতাদ্বয় ইয়াকো উল্লেখ কৰে যে, প্ৰস্তাৱিত শান্তি চুক্তিখনৰ জৰিয়তে জিলাখনত দীৰ্ঘ দিনৰ পৰা বসবাস কৰি থকা বিভিন্ন জাতি-জনগোষ্ঠী, খিলঞ্জীয়া ভূমিপূত্ৰ সকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ লগতে ভূমিৰ অধিকাৰ আৰু সাংবিধানিক অধিকাৰ যাতে পূৰ্বৰ দৰে অক্ষুণ্ণ থাকে তাৰ নিশ্চয়তা প্ৰদান কৰাকলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷ কাৰবি আংলঙৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ আলাপ- আলোচনাৰ মাজেৰে সু-সমাধান কৰিবলৈ মত পোষণ কৰিছে এজেৱাইচিপিৰ শীৰ্ষ নেতাদ্বয়ে ৷