ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19 ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১২২৩১৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৭৫৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩২৩জন কামৰূপ মেট্ৰ, ২৯১জন কাছাৰ, ২৬৫জন শোণিতপুৰ আৰু ২৩৬জন তিনিচুকীয়াৰ। বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৩.০৭ শতাংশ।
আনহাতে,বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ৫১ জন ব্যক্তিৰ৷উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৫১২৩ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৮.৩৯ শতাংশ।
এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৫০২০১জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৪৭০৮১জন ৰোগী।












