ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ প্ৰায় ৪০ লাখ ব্যৱসায়ীলৈ সুখবৰ। তেওঁলোকে ৬০ বছৰ বয়সৰ পাছত লাভ কৰিব পেঞ্চন। কিয়নো সমগ্ৰ দেশৰ লগতে অসমতো শুভাৰম্ভ হ’ল প্ৰধানমন্ত্ৰী লঘু বেপাৰী মান-ধন যোজনা।
ইয়াৰ অধীনত সকলো হিতাধিকাৰী ব্যৱসায়ীয়েই ৬০ বছৰ বয়সৰ পাছত মাহিলী ৩ হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব। ইয়াৰ বাবে এগৰাকী ১৮ বছৰ বয়সীয়া ব্যৱসায়ীয়ে মাহিলী ৫৫ টকাকৈ আৰু ৪০ বছৰ বয়সীয়া ব্যৱসায়ীয়ে মাহিলী ২০০ টকাকৈ আগবঢ়াব লাগিব।
আগ্ৰহী ব্যৱসায়ীসকলে নিজ-নিজ অঞ্চলত থকা কমন চাৰ্ভিছ চেন্টাৰলৈ গৈ নিজকে এই যোজনাৰ অন্তৰ্ভুক্ত কৰিব পাৰিব।













