ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৫৮০৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৭৫১ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৪৩০জন কামৰূপ মেট্ৰ’ৰ, ৩৬৬জন কাছাৰৰ, ২৩১জন শোণিতপুৰৰ আৰু ২২২জন ডিব্ৰুগড়ৰ।বুধবাৰৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৩.২৪ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৫৫ জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৩৫৫ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৭.৯৯ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৪৬৪৪৫জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৪৮৪৯৯ জন ৰোগী।












