ASSAM TIMES POST
গুৱাহাটীঃ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক ওপজা দিনটো ৰজাঘৰ, প্ৰজাঘৰ সকলোতে পালন কৰা হয়। ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰপৰা আৰম্ভ কৰি সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহেও আদৰৰ শিল্পীজনৰ জন্ম দিনটোত তেওঁলৈ প্ৰণিপাত জনায়। উল্লেখ্য দেশে-বিদেশেও মহা আড়ম্বৰৰে ভূপেন দাৰ জন্মদিন পালন কৰে শত-সহস্ৰজনে।
ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে দেওবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ জালুকবাৰীস্থিত ডঃ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত স্মৃতি তৰ্পণ অনুষ্ঠানৰ আয়োজন কৰে। ইয়াত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে।
ইয়াত উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদি। ইফালে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে শনিবাৰৰপৰাই বিজনী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে সমন্বয় দিৱস অনুষ্ঠিত কৰিছে।
সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থাই পুৱাৰ ভাগত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে।













