ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৩৩২১২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৯৪৮গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩৯৪জন কাছাৰ, ৩৪১জন কামৰূপ মেট্ৰ’, ২৪৭জন নগাঁও আৰু ২৪৩ জন ডিব্ৰুগড়ৰ।বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ২.৯৬ শতাংশ।
আনহাতে,মঙ্গলবাৰৰ দিনটোত মৃত্যু হৈছে ৪৩ জন ব্যক্তিৰ ৷ উল্লেখ্য যে মঙ্গলবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩৪১৯ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৭.৭৫ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৪২৬৯৪জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৪৯১৫৮ জন ৰোগী।












