ASSAM TIMES POST
গুৱাহাটীঃ অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ অষ্টম সমাৱৰ্তন শনিবাৰে সোণাপুৰৰ টেপেছীয়া চৌহদত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। ইয়াত ১২ জন গৱেষকক ডক্টৰেট উপাধি প্ৰদান কৰাৰ লগতে সৰ্বমুঠ ৮১৬ জন শিক্ষাৰ্থীক নিজা-নিজা ডিগ্ৰী প্ৰদান কৰা হয়।
বিশ্ববিদ্যালয়খনৰ দূৰ শিক্ষা কাৰ্যসূচীৰ অধীনত বিভিন্ন বিষয়ত স্নাতক হোৱা বিশ্বৰ বিভিন্ন দেশৰ ১৯১ গৰাকী শিক্ষাৰ্থীকো এই অনুষ্ঠানতে ডিগ্ৰী প্ৰদান কৰা যায়। ইফালে প্ৰত্যেক শাখাতে সৰ্বোচ্চ চিজিপিএ অৰ্জন কৰা ২০ গৰাকী স্নাতকে স্বৰ্ণ পদক লাভ কৰে। বিশ্ববিদ্যালয়খনৰ সকলো স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ভিতৰত সৰ্বোৎকৃষ্ট শিক্ষাৰ্থী হিচাপে বিবেচিত হোৱা প্ৰাণীবিজ্ঞান বিভাগৰ মানস প্ৰতীম ৰাজবংশীক আচাৰ্যৰ সোণৰ পদক প্ৰদান কৰা হয়।
অসামৰিক অভিযান্ত্ৰিক বিভাগৰ ৰাইছা তামচিন হুছেইনক বিশ্ববিদ্যালয়খনৰ স্নাতক পাঠ্যক্ৰমসমূহৰ ভিতৰত সৰ্বোৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰাৰ বাবে উপাচাৰ্যৰ পদক প্ৰদান কৰা হয়। সভাপতিৰ ভাষণ প্ৰদান কৰি ৰাজ্যপালগৰাকীয়ে কয় যে ভাৰতবৰ্ষক কৃত্ৰিম বুদ্ধিমত্তাৰ দিশত এখন ক্ষমতাশালী দেশ হিচাপে গঢ় দিয়াত চৰকাৰ যথেষ্ট আগ্ৰহী।
চৰকাৰে আমাৰ দেশখনক ‘এআই গেৰেজ’ হিচাপে গঢ় দিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে। যাৰ জৰিয়তে দেশখনৰ অৰ্থনৈতিক তথা সুৰক্ষাৰ দিশটো সবল কৰি তুলিব পৰা যাব আৰু লগতে সামাজিকভাৱেও দেশখনক আগুৱাই নিব পৰা যাব। অসম ডনবস্ক’ বিশ্ববিদ্যালয়ক ভূয়সী প্ৰশংসা কৰি তেখেতে কয় যে শিক্ষাৰ ক্ষেত্ৰখনত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ অৱদান উল্লেখনীয়। শিক্ষাৰ্থীসকলৰ বিদ্যায়তনিক তথা সামাজিক আৰু মানসিক উৎকৰ্ষ সাধনত বিশ্ববিদ্যালয়খনে গুৰুত্ব প্ৰদান কৰি ভৱিষ্যতৰ সুনাগৰিক গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
সমাৱৰ্তন মুকলি কৰি অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ আচাৰ্য ফাডাৰ জনৱাৰিছাছ চাংমাই কয় যে ছাত্ৰ সমাজ সামাজিকভাৱে সচেতন আৰু আমাৰ দেশ-সমাজৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব। বিশ্ববিদ্যালয়সমূহে মানৱীয় প্ৰমূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষা প্ৰদান কৰি প্ৰকৃতাৰ্থত একোজন সামাজিকভাৱে সচেতন সুনাগৰিক গঢ়ি তুলিব পাৰে।
সমাৱৰ্তনখনত ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ফাডাৰ ষ্টিফেন মাভেলিয়ে কয় যে ডনবস্ক’ৰ শিক্ষা ব্যৱস্থাই এক সৱল জ্ঞানভিত্তিক শিক্ষাৰ ওপৰতে নহয়, জীৱনমুখী দৃঢ় মূল্যবোধভিত্তিক শিক্ষাত গুৰুত্ব দিয়ে। এই ব্যৱস্থাই শিক্ষাদান, শিক্ষাগ্ৰহণ, গৱেষণা আৰু সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব অৰ্জনৰ অহোপুৰুষাৰ্থ কৰে।













