ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১২৪৩১৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৮০৪ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩১৮জন কামৰূপ মেট্ৰ’ৰ, ৩১৫জন তিনিচুকীয়াৰ, ৩১১জন যোৰহাট আৰু ২৮১জন ডিব্ৰুগড়ৰ।সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৩.০৬ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৩৭ জন ব্যক্তিৰ৷উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৬১৩ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৭.৭৬ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৩৮৭৪৬ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৪৮৬৭২ জন ৰোগী।












