ASSAM TIMES POST
গুৱাহাটীঃ উত্তৰ পূব পৰিষদৰ পূৰ্ণাংগ বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যৰে দেওবাৰে আগবেলা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হয়হি কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।
ইয়াতে তেওঁক আদৰণি জনাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত; স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী তথা উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা চমুকৈ নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস প্ৰমুখ্যে আন-আন চৰকাৰী আৰু দলীয় বিষয়ববীয়াসকলে। ইয়াৰপৰা অমিত শ্বাহে পোনে-পোনে আহে খানপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়লৈ।
ইয়াতে এনইচিৰ প্ৰথম দিনৰ বৈঠকত ভাগ লয় তেওঁ। ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলে ভাগ লয়। দুদিনীয়া ভ্ৰমণসূচীৰে অসমৰ গুৱাহাটীলৈ অহা অমিত শ্বাহে নিশাটো গুৱাহাটীতে কটাই সোমবাৰে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিতব্য নেডাৰ বৈঠকত অংশগ্ৰহণ কৰিব।
সোমবাৰে পুৱা ১০.৪৫ বজাৰপৰা এই বৈঠক আৰম্ভ হ’ব বুলি প্ৰদেশ বিজেপিৰ সংবাদ সম্পৰ্ক বিভাগে জনাইছে। ইয়াত ভাগ লৈ শ্বাহে দুপৰীয়া ১.৩৫ বজাত নতুন দিল্লীলৈ উলটি যাব। উল্লেখ্য অমিত শ্বাহে দেওবাৰে গুৱাহাটীত উপস্থিত হৈয়েই কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ কথা আছিল।













