ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৫৯৬৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৭৮১ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩২২জন কাছাৰৰ, ২৭৬জন কামৰূপ মেট্ৰৰ, ২৭৩জন ডিব্ৰুগড় আৰু ২৬৭জন তিনিচুকীয়াৰ। শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৩.২৬ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ৪৪ জন ব্যক্তিৰ৷ উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩০৯৯ জন লোক। ৰাজ্যত সুস্থৰ হাৰ ৮৬.৯৭ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৩২৭১৪ জনলৈ পাইছে বৃদ্ধি। আনহাতে ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫১৪০৩ জন ৰোগী।












