ASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ ধাৰাবাহিক পদত্যাগৰ ঘটনাই জোকাৰি গৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। পুনৰ চাঞ্চল্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ত। বিৰ্তকই লগ এৰা নাই বিশ্ববিদ্যালখনক। দিনে দিনে যেন অৱনমিত হৈছে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ব্যৱস্থা।এক অৱাঞ্চিত পৰিস্থিতিৰ মাজেৰে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ ২০১৯/২০২০শিক্ষাবৰ্ষৰ নিৰ্বাচন বাতিল কৰা হ’ল।

নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত আটাইকেইখন কমিটিৰ সদস্য সকলে পদত্যাগ কৰাত বিশ্ববিদ্যালয়ৰ কতৃপক্ষৰ এনে সিদ্ধান্ত ল’বলৈ বাধ্য হয়। অহা ১৬আগষ্টত আছিল বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ নিৰ্বাচন। নিৰ্বাচনৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ প্ৰতি একাংশ ছাত্র-ছাত্ৰীয়ে অনাস্থা প্ৰকাশ কৰি শনিবাৰে নিশা পৰ্যন্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কাৰ্যলয় ঘেৰাও কৰি উপাচাৰ্য-পঞ্জীয়ক সহ বিষয়াবৰ্গক আবদ্ধ কৰি ৰখাৰ বাবেই উপ সমিতি কেইখনে পদত্যাগ কৰে। ইয়াৰ পাছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া তৎকালীন ভাবে বলবৎ হোৱাকৈ বাতিল কৰে।
উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ইটোৰ পাছত সিটো ঘটনাই সংবাদ শিৰোনামা দখল কৰি আহিছে। কেইমাহমানৰ পূৰ্বে চাৰিজন ডীনৰ পদত্যাগ, কিছুদিন পূৰ্বে সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰৰ ছয় জনকৈ অধ্যাপকৰ পদত্যাগ লগতে বিশ্ববিদ্যালয়ৰ শিক্ষাবিদৰ চীনত সংঘটিত বিৰ্তকিত ঘটনা ৰাজীয়ে বিশ্ববিদ্যালয়ৰ ভিতৰচৰাৰ লগতে শৈক্ষিক আৰু বৌদ্ধিক মহলত চৰ্চিত হোৱাৰ লগতে আজি পুনৰ নিৰ্বাচনী উপ-কমিটিৰ সমুহীয়া পদত্যাগ ঘটনাই বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক দুৰ্বলতা আৰু সোপাঢিলা স্বৰূপটো উদঙাই দিলে বুলি সৰ্বত্ৰে চৰ্চিত হৈছে।












