ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১২৩৫৯৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪৫৪৮ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৪২১জন কামৰূপ মেট্ৰ’, ৩৫৯জন তিনিচুকীয়া, ৩৫৩ জন নগাঁৱৰ আৰু ৩২৩জন ডিব্ৰুগড়ৰ।শুকুৰবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৩.৬৮ শতাংশ।
আনহাতে,শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ৫৪ জন ব্যক্তিৰ৷উল্লেখ্য যে শুকুৰবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪২৬৩ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৭.০২ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪২৮৯৩৩ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫০৭৬৫ জন ৰোগী।












