ASSAM TIMES POST
ডিব্ৰুগড়ঃ আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবীত উত্তাল হ’ল ডিব্ৰুগড়ৰ ৰাজপথ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত এক বিশাল জোঁৰ সমদল বাহিৰ কৰে।
অতীজৰে পৰা পৰিষদে দ্বি-নাগৰিকত্ব, স্বায়ত্ব শাসন, আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী জনাই আহিছে যদিও,কেন্দ্ৰ বা ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত উদাস মনোভাব পোষণ কৰি আহিছে।
সেয়ে আজি এই জোঁৰ প্ৰতিবাদৰে চৰকাৰক সকিয়াই দি কয় যে যদি চৰকাৰে এই ক্ষেত্ৰত শ্ৰীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহন নকৰে তেন্তে সমগ্ৰ অসমত এক ব্যাপক গণ- আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।












