ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১০৭০৭৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪৩০৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩৮৬জন কামৰূপ মেট্ৰ’ৰ, ৩৪৭জন তিনিচুকীয়াৰ, ৩১৮জন কাছাৰৰ আৰু ২৭৫জন শোণিতপুৰৰ।বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৪.০২ শতাংশ।
আনহাতে,বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ৪৬ জন ব্যক্তিৰ৷উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৭৯০ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৬.৯৪ শতাংশ।
এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪২৪৩৮৫ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫০৫৩৪জন ৰোগী।উল্লেখ্য যে, এতিয়ালৈকে ৰাজ্যত ৩৬৮৯৮১জন লোক সুস্থ হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩৫২৩জন লোকৰ।












