অচিৰেই পুৰণ কৰা ১০৩ টা কৃষি সম্পসাৰণৰ পদ
ASSAM TIMES POST
নগাঁওঃ ‘সমগ্র ৰাজ্যৰ কৃষি খণ্ডৰ বিকাশৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে যথেষ্ঠ গুৰুত্ব প্ৰদান কৰিছে। সেয়ে বৰ্তমানৰ চৰকাৰখনে কৃষি খণ্ডৰ উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহন কৰিছে। এই আঁচনি সমূহ সফল ৰূপায়নৰ ক্ষেত্ৰত কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে গুৰুত্ব সহকাৰে দায়িত্ব পালন কৰিব লাগিব।’- এই মন্তব্য অসমৰ কৃষি মন্ত্ৰী অতুল বৰাৰ।
আজি নগাঁৱৰ শেনচোৱাত থকা কৃষি বিভাগৰ অভিযান্ত্ৰিক শাখাৰ কাৰ্যালয় চৌহদত মাটিৰ গুণাগুণ পৰীক্ষা কেন্দ্ৰৰ আধাৰ শিলা স্থাপন কৰি দিয়া ভাষনত মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰি কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সকলক কৃষকৰ মাজলৈ যাবলৈ আহবান জনায় । ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয়, আমাৰ পৰ্যাপ্ত মাটি আছে তথাপি আমি ৰাজ্যখনক কৃষি ক্ষেত্ৰখনক গতিশীল কৰি তুলিব পৰা নাই। ইয়াৰ অন্যতম কাৰণ হৈছে কৃষকে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ পৰা পাবলগীয়া সমৰ্থন নপোৱাটো।
আনকি, কৃষি বিশ্ববিদ্যালয়ৰ পৰাও সমৰ্থন নাপায়। যাৰ বাবে কৃষিৰ উৎপাদনে গতিশীলতা লাভ কৰিব পৰা নাই। ফলত ৰাজ্যখনে কৃষিজাত খাদ্য সামগ্ৰী বাহিৰৰ পৰা আনিব লগা হৈছে । কৃষি কাৰ্যৰ বাবে কৃষকে দিব লগা সামগ্ৰী, বীজ, আদি বিতৰণৰ ক্ষেত্ৰত কিছু খেলিমেলি আছে বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয়, একেজন লোকেই কৃষি বিভাগৰ আঁচনি, সকলো বীজ লাভ কৰে যদিও বহু প্ৰকৃত কৃষকে এই সুবিধা লাভ নকৰে।
প্ৰকৃত কৃষকে যাতে সকলো সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে বিষয়া সকলক দায়িত্ব সহকাৰে কাম কৰি যাবলৈ আহবান জনাই কৃষি মন্ত্ৰীগৰাকীয়ে। বহু কৃষকে কৃষি বিভাগলৈ আহি নিজৰ চেণ্ডেল ক্ষয় যোৱাৰ পিছতো কৃষি বিভাগৰ বিষয়াৰ-কৰ্মচাৰীৰ জেলেপী পাকৰ বাবে বঞ্চিত হ’ব লগা হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মাটিৰ গুণাগুণ পৰীক্ষা কৰিবৰ বাবেই ৰাজ্য খনত ২১টা মাটিৰ গুণাগুণ পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে। পূৰ্বতে থকা ৭ টা এনে কেন্দ্ৰ পুনৰ নিৰ্মান কৰা হৈছে। ভাষন প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কৃষি বিভাগত খালি হৈ থকা পদ সমূহ পুৰণৰ ব্যৱস্থা কৰাৰ লগতে কৃষি সহায়কৰ পদ নতুনকৈ সৃষ্টি কৰা হ’ব।
অচিৰেই ১০৩ টা কৃষি সম্পসাৰন বিষয়া পদ শীঘ্ৰে পুৰনৰ ব্যবস্থা কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি কয়, কৃষি ক্ষেত্ৰত চৰকাৰে গ্ৰহন কৰা বিভিন্ন আঁচনি সফল ৰূপায়নৰ বাবে নাবাডৰ পৰা ঋণ লোৱা হৈছে । এই আঁচনি সফল ৰূপায়ন নহলে ক্ষতিগ্ৰস্ত হ’ব কৃষি সকল। যিটো অন্যায় কৰা হ’ব কৃষক সকলৰ ক্ষেত্ৰত । ৰাজ্যখনত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয়, কৃষি কাৰ্যত নিবনুৱা সকলক নিয়োজিত কৰিব নোৱাৰিলে নিবনুৱা সমস্যা সমাধানৰ কোনো বিকল্প পথ নাই ।
নগাঁও কৃষি অভিযান্ত্ৰিক কাৰ্যালয় চৌহদৰ প্ৰাকৃতিক পৰিৱেশ দেখি মুহিত হলেও কাৰ্যালয়তোৰ ফলকখন দেখি অসন্তুষ্ট প্ৰকাশ কৰি কাৰ্যবাহী অভিযন্তাজনক ফলকখন নতুনকৈ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে । কাৰ্যালয়টো পৰিস্কাৰ পৰিচন্ন কৰি ৰাখিবলৈ আহবান জনাই । সভাত কৃষি বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদ, সঞ্চালক মনোজ কুমাৰ, জিলা উপায়ুক্ত যাদৱ শইকীয়া, জিলা কৃষি বিষয়া অশোক খাউণ্ড শৰ্মা, এন এফ এছৰ বিষয়া অৰুনিমা ভট্টাচাৰ্য,নগাঁও জিলা কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা বিশ্বজিৎ কুমাৰ নাথ,কাৰ্যবাহী অভিযন্তা অশোক শৰ্মা, ৰিপুঞ্জয় গোস্বামী প্ৰমুখ্যে পাঁচ খন জিলাৰ জিলা কৃষি বিষয়া সকল উপস্থিত থাকে।












