ASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ ঐতিহ্যমণ্ডিত তথা উচ্চ শিক্ষাৰ পিঠস্থান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পুনৰ উতপ্ত পৰিবেশ।সমাগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই আজি পৰিবেশ উত্তাল হৈ পৰে উপাৰ্চাযৰ কাৰ্যালয়।অহা ১৬ চেপ্তেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।
সেই মৰ্মে সাধাৰান সম্পাদক পদৰ বাবে শ্যাম সুন্দৰ ভূঞা আৰু মৃগাংক কিশোৰ বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰে। জানিব পৰা মতে শ্যাম সুন্দৰ ভূঞা আছুৰ সমৰ্থিত প্ৰাৰ্থী হোৱাৰ বিপৰীতে মৃগাংক কিশোৰ বৰুৱা এবিভিপিৰ দ্বাৰ সমৰ্থিত।দুয়োগৰাকী ছাত্ৰৰ মনোনয়ন বৈধ বুলি বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী আয়োগে ঘোষনা কৰে।
সিমানলৈ সকলো থিকেই আছিল। কিন্তু শ্যাম সুন্ধৰ ভূঞাৰ নাম অযোগ্য বুলি বিশ্ববিদ্যালয় কতৃপক্ষই কৰ্তন কৰাৰ এক কৌশল কৰা বুলি জানিব পাৰি,শ্যাম সুন্দৰৰ সমৰ্থনকাৰীয়ে আজি বিয়লি উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও কৰি ব্যাপক শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
ছাত্ৰ সমাজে কৰা অভিযোগ মতে সাধাৰণ সম্পাদক পদৰ বাবে বিশ্ববিদ্যালয়ৰ নিৰ্বাচন আয়োগ তথা নিৰ্বাচনী বিষয়াই অনুমোদন দিয়াৰ পিছত কি যুক্তিত শ্যাম সুন্দৰৰ নাম বাতিল কৰাৰ সিদ্ধান্ত লৈছ? মনোনয়ন দাখিল কৰাৰ সময়ত সকলো বৈধ নথি-পত্ৰ দিয়া হৈছিল। তেনে ক্ষেত্ৰত এতিয়া হঠাৎ গোপনে চক্ৰান্ত কৰি প্ৰাৰ্থীগৰাকীক মানসিক হাৰাশাস্তি কৰাৰ অন্তৰালত নিশ্ছয়কৈ কোনো ৰাজনৈতিক হেঁচাৰ বলি হৈ এনে সিদ্ধান্ত লৈছে।
আজি প্ৰতিবাদী ছাত্ৰ সমাজে স্পষ্টকৈ কয় যে কোনো অদৃশ্য শক্তিৰ ছায়াত বলি প্ৰথা সজোৱা হৈছে শ্যাম সুন্দৰক।এয়া আমি কেতিয়াও হবলৈ নিদিও।ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ সম্পদ। কোনো অশুভ শক্তিৰ পদাৰ্পনৰ চেষ্টা কৰিলে তাক সকলো প্ৰকাৰে ৰুধিবলৈ আমি বদ্ধপৰিকৰ বুলিও সঁকিয়াই দিয়ে।











