ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৫৫১৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪৬৮২ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৫১৭জন তিনিচুকীয়াৰ, ৪০৩জন কামৰূপ মেট্ৰ’ৰ, ৩২৪জন কাছাৰৰ আৰু ৩০৭জন নগাঁৱৰ।মঙলবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৪.০৫ শতাংশ।
আনহাতে,মঙলবাৰৰ দিনটোত মৃত্যু হৈছে ৫১ জন ব্যক্তিৰ৷ উল্লেখ্য যে মঙলবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৯৯২ জন ব্যক্তি।ৰাজ্যত সুস্থৰ হাৰ ৮৬.৫১ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪১৫৮৯৮ জনলৈ পাইছে বৃদ্ধি। এতিয়াও ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫১৩৩৩ জন ৰোগী












