ASSAM TIMES POST
গুৱাহাটীঃ অনাগত ছমাহৰ বাবে সমগ্ৰ অসমক পুনৰ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।
সেই অনুসৰি ৰাজ্যখনত বাহাল থাকিব সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন।
উল্লেখ্য যে প্ৰতি ৬ মাহৰ মূৰে মূৰে গৃহ মন্ত্ৰণালয়ে এই ঘোষণা কৰি আহিছে। শেহতীয়া ঘোষণা গত ২৮ আগষ্টৰপৰা কাৰ্যকৰী হৈছে।













