ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১১৫৮৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪৩৪৮ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৪৬৭জন কামৰূপ মেট্ৰৰ, ৪৪৫জন তিনিচুকীয়াৰ, ৩৮৪জন কামৰূপ গ্ৰাম্যৰ, ৩৩০জন নগাঁৱৰ। সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৩.৯.০ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৬৫ জন ব্যক্তিৰ৷ উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৫০৩৭ জন লোক। ৰাজ্যত সুস্থৰ হাৰ ৮৬.২৮ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪১১২১৬ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫১৬৯৪ জন ৰোগী।












