ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭১৫৯৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩২৪৫ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৪২২জন কামৰূপ মেট্ৰ’ৰ, ৩৭৭জন তিনিচুকীয়াৰ, ৩৫০জন ডিব্ৰুগড়ৰ, ২৩৮জন কাছাৰৰ। দেওবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৪.৫৩ শতাংশ।
আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ৫৫ জন ব্যক্তিৰ৷উল্লেখ্য যে দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৫৬৯০জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৫.৯৭ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪০৬৮৬৮ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫২৪৪৮ জন ৰোগী।












