ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৬৫৬২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৬১৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৫৮০জন কামৰূপ মেট্ৰ’ৰ, ৫১৬জন কাছাৰৰ, ৩৫২জন ডিব্ৰুগড়ৰ আৰু ৩৩৮জন কামৰূপ গ্ৰাম্যৰ।বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৪.৮২ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ৭৭ জন ব্যক্তিৰ৷উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩৯০৫জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৫.২৫ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪০৩৬২৩ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫৪৯৪৮ জন ৰোগী।












