ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১২২৯৭৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫,৪৩৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
শুকুৰবাৰে ৰাজ্যখনত সৰ্বাধিক ৫৯৫জন কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হয়। আনহাতে,শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ৮০ জন ব্যক্তিৰ৷ আক্ৰান্তৰ হাৰ হৈছে ৪.৪২ শতাংশ। ৰাজ্যত সুস্থৰ হাৰ ৮৫.৪৭শতাংশ।












