![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা কৰোনাত আক্রান্ত। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে বৰা। কৰোনাত আক্রান্ত হোৱাৰ কথা ফেচবুকযোগে অৱগত কৰে ৰাজ্যসভা সাংসদগৰাকীয়ে।

উল্লেখ শুকুৰবাৰে বৰাৰ দেহত ধৰা পৰিছিল কৰোনাৰ উপস্থিতি। যোৱা দিন কেইটাত তেওঁৰ সান্নিধ্যত অহা সকলোকে কভিড টেষ্ট কৰাৰো আহ্বান জনাইছে বৰাই।












