ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৯৪৪১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৭০৪ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৫৬৯জন কামৰূপ মেট্ৰ’ৰ, ৫২৮জন ডিব্ৰুগড়ৰ, ৪৪৮জন কাছাৰৰ আৰু ৩৯৩জন নগাঁৱৰ।বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৪.৭৮ শতাংশ।
আনহাতে,বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ৮৩ জন ব্যক্তিৰ৷ উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৭৮৪ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৫.১৯ শতাংশ।
এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩৯২৫৭৪ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫৩৭২১জন ৰোগী।












