ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৪৩১৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৭৬৭গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৬২৪জন কামৰূপ মেট্ৰ’ৰ, ৫২৮জন কাছাৰৰ, ৪১৬জন নগাঁৱৰ আৰু ৩৬৪জন কামৰূপ গ্ৰাম্যৰ। মঙলবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৫.০৪ শতাংশ।
আনহাতে,মঙলবাৰৰ দিনটোত মৃত্যু হৈছে ৯২ জন ব্যক্তিৰ৷ উল্লেখ্য যে মঙলবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৭৮৩ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৪.৮৪ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩৮১১৭১ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫৩৫৪১জন ৰোগী।












