ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১২০৬৬৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৬২২১ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৭২৯জন কামৰূপ মেট্ৰ’ৰ, ৫১৭জন কাছাৰৰ, ৫১২জন ডিব্ৰুগড়ৰ আৰু ৪১৭জন নগাঁৱৰ।সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৫.১৬ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৮৪ জন ব্যক্তিৰ৷উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৫২৫২জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৪.৮৬ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩৭৫৪০৪ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫২৬৪৯ জন ৰোগী।












