ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬২,৭২২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৫৬৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৬২৪ জন কামৰূপ মেট্ৰ’ৰ। দেওবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৫.৬৮ শতাংশ।
আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ৭২ জন ব্যক্তিৰ৷উল্লেখ্য যে ৰাজ্যত সুস্থৰ হাৰ ৮৪.৮৭ শতাংশ।












