ASSAM TIMES POST
নগাঁওঃ এটা হত্যাকাণ্ডক কেন্দ্র কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ সদৰ আৰক্ষী থানাৰ অৰ্ন্তগত মধুপুৰৰ কদমতল অঞ্চল। মধুপুৰ-ডাকৰঘাট সংযোগী পথত এজন লোকৰ মৃতদেহ লৈ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে কালি আদম আলি নামৰ স্থানীয় এজন লোকক বিশেষ কথা আছে বুলি পুৱাভাগত ঘৰৰ পৰা মাতি আনিছিল নুৰুদ্দিন নামৰ এজন লোকে । পিছত কদমতলৰ বজাৰত আহি উপস্থিত হোৱাত ছফিকুল ইছলাম নামৰ স্হানীয় যুৱকজনে আদমৰ লগত কোনো বিষয়ত তৰ্ক বিৰ্তকত লিপ্ত হয়।

পৰৰ্বতী সময়ত আদমক ছফিকুল ইছলামে বেয়াকৈ প্ৰহাৰ কৰে। ছফিকুলৰ প্ৰহাৰত আদম আঘাতপ্ৰাপ্ত হৈ পথৰ ওপৰতে বাগৰি পৰে । পিছত স্হানীয় লোকৰ সহযোগত আদমক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসকে আদমক গুৱাহাটীলৈ প্ৰেৰণ কৰে।
ইপিনে গুৱাহাটীলৈ নিয়াৰ পথত আদম আলীৰ মৃত্যু হয় ।ইপিনে আজি মৃতদেহ নগাওঁ আহি পোৱাৰ লগে লগেই উত্তপ্ত হৈ পৰে মৃত লোকজনৰ পৰিয়ালৰ লোকৰ লগতে স্হানীয় ৰাইজ । হত্যাকাৰীৰ ফাঁচীৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি কদমতলৰ ৰাজপথ উত্তাল কৰি তোলে।
ঘটনাস্হলীত আৰক্ষী আৰু চি আৰ পি এফ মোতায়েন কৰি পৰিস্থিতি শান্ত কৰা হয়। উল্লেখ্য, আদমৰ হত্যাকাৰী ছফিকুল ইছলাম বিভিন্ন ধৰণৰ অসমাজিক কৰ্মৰ লগত পূৰ্বৰ পৰা জড়িত বুলি স্হানীয় ৰাইজে অভিযোগ কৰে । ঘটনা সংঘটিত কৰাৰ পিছৰ পৰা ছফিকুল পলাতক অৱস্থাত আছে। আৰক্ষীয়ে হত্যাকাৰী ছফিকুল ইছলামক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে ।












