ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১০৭৩৯৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৯৮০ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৯০২জন কামৰূপ মেট্ৰ’ৰ, ৫০২জন কাছাৰৰ, ৪২২জন নগাঁৱৰ আৰু ৩৮৯ জন কামৰূপ গ্ৰাম্যৰ। শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৫.৫৭ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ৭৯ জন ব্যক্তিৰ৷ উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৬৫৯জন লোক। সুস্থৰ হাৰ ৮৪.১২ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬৫৬২০জনলৈ পাইছে বৃদ্ধি। ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫৪০৫৮ জন ৰোগী।












