ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,০৩,১৫৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৬,০৬৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৯০৭জন কামৰূপ মেট্ৰ’ৰ।আনহাতে দিনটোত আক্ৰান্তসকলৰ ৪৩৬ জন হৈছে কাছাৰ জিলাৰ, ৪৩৩জন হৈছে নগাঁও জিলাৰ আৰু ৪২০ জন হৈছে কামৰূপ গ্ৰাম্য জিলাৰ। শুকুৰবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৫.৮৮ শতাংশ।
আনহাতে,শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ৮১ জন ব্যক্তিৰ৷উল্লেখ্য যে ৰাজ্যত সুস্থৰ হাৰ ৮৪.২২ শতাংশ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫২,৮১৬জন ৰোগী।












