ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১০২৬৮৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৬৫৭৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১০৮৪জন কামৰূপ মেট্ৰ’ৰ, ৪৯০জন ডিব্ৰুগড়ৰ, ৪৭৭জন নগাঁৱৰ আৰু ৪৩২জন কামৰূপ গ্ৰাম্যৰ।বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৬.৪০ শতাংশ।
আনহাতে,বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ৭৪ জন ব্যক্তিৰ৷ উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩০৭১জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৪.২৫ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩৫৩৫৭৪ জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৫১৮১৮ জন ৰোগী।












