ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১০২০৪০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৬১৪৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৯১৩জন কামৰূপ মেট্ৰ’ৰ, ৪৪৮জন নগাঁৱৰ, ৪৩৮জন কাছাৰৰ আৰু ৩৯৭জন ডিব্ৰুগড়ৰ। বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৬.০২ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৮৯ জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪০৫৭জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৪.৯৭ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩৪৭০০১জনলৈ বৃদ্ধি পাইছে।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৪৮৩৯০জন ৰোগী।












