ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৩৬ টাকৈ চোৰাং গৰুসহ জব্দ বিশাল ট্ৰাকঃ বগীবিল দলং চোৰাং পশুধনৰ কৰিডৰলৈ পৰিণত

ASSAM TIMES POST by ASSAM TIMES POST
September 6, 2019
Reading Time: 1 min read
A A
0
৩৬ টাকৈ চোৰাং গৰুসহ জব্দ বিশাল ট্ৰাকঃ বগীবিল দলং চোৰাং পশুধনৰ কৰিডৰলৈ পৰিণত

logo atp | ASSAM TIMES POSTASSAM TIMES POST 
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ উজনিত কাৰ নেতৃত্বত চলিছে গৰু ছিণ্ডিকেট। প্ৰতি নিশাই সৰবৰাহ হয় গাড়ীয়ে গাড়ীয়ে গৰুৰ চোৰাং বেহা। প্ৰতি নিশাই আৰক্ষীৰ চকুত ধুলি দি বগীবিল দলঙৰে সৰবৰাহ হৈ আছে বিশাল বিশাল পশুধনৰ চোৰাং গাড়ী সৰবৰাহ হৈয়ে আছে একাংশ ধুৰন্ধৰ ব্যৱসায়ী আৰু বিজেপি নামধাৰী একাংশ ব্যক্তিৰ সহযোগত।

RELATED POSTS

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

যোৱা নিশা পুনৰ ডিব্ৰুগড় বগীবিলত চোৰাং গৰু ভৰ্তি এক বিশাল ট্ৰাক জব্দ কৰে স্থানীয় সংগঠনৰ সহযোগত আৰক্ষীয়ে। এখন ১৬ চকাৰ বিশাল ট্ৰাকত লৈ আহিছিল ৩৬ টাকৈ গৰু। এ এচ ০১এল চি ০৫৪৬ নম্বৰৰ ১৬ চকাৰ ট্ৰাকখনে পান জপা দি জাপি নিছিল গৰুবোৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা। ধেমাজি জিলাৰ গেলুৱাৰ পৰা কুলাজান হৈ বগীবিল দলং পাৰ হৈ গুৱাহাটী অভিমুখে নিয়াৰ বাবে চেষ্টা কৰিছিল গৰুবোৰ৷

c039331d ab15 4dae b488 c3c32915a587 | ASSAM TIMES POST

বগীবিলত নিয়মীয়া তালাচীত আৰক্ষীয়ে প্ৰথমে সন্দেহ কৰি জব্দ কৰে চোৰাং গৰু ভৰ্তি ট্ৰাকখন।আৰক্ষীয়ে বগীবিলৰ পৰা ট্ৰাকখন জব্দ কৰাৰ সময়তে ট্ৰাকখনত অহা হেণ্ডিমেনসহ আন এজন পলায়ন কৰে যদিও চালক ছামাদ আলিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ট্ৰাকসহ চোৰাং গৰুবোৰ জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে, উত্তৰ পাৰৰ ধেমাজিৰ গেলোৱাৰ জনৈক হাইদৰ নামৰ ব্যৱসায়ী এজনৰ নেতৃত্বত বগীবিল দলঙেৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা দীৰ্ঘদিনৰ ধৰি গৰুৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে।

যোৱা নিশাও উক্ত ৩৬ টাকৈ গৰু গুৱাহাটী অভিমুখে নিছিল ব্যৱসায়ীটোৱে। আনহাতেদি অভিযোগ মতে উজনিত পোৱালি, গেলোৱা, আজাদ, হাতুৱা, চফুল, বুবুল, ভাইটী, আইনুল, পলুৱা,পুলিল, চেখবৰ, হাইডৰ খান, ৰঙাই,মালেক, কুকিল, পাপু আলি, নুৰুল হুছেইন, চাবুদ্দিন, বাব্লু, অহিদ্দুল নামৰ বহুৰে নাম সকলোৰে মুখে মুখে যদিও এই সকলক কোনেও নাকী লগাব নোৱাৰাটোও আশ্চৰ্যকৰ বিষয়ত পৰিণত হৈছে। এইসকল ব্যৱসায়ীয়ে নিশাৰ অন্ধকাৰত গৰুৰ চোৰাং ব্যৱসায়ত জড়িত হৈ থকাৰ নিশ্চিত প্ৰমান আছে যদিও আৰক্ষী নিৰ্বিকাৰ।

c8b63608 089b 4a12 9a8f 938cad057639 | ASSAM TIMES POST

বিভিন্ন সময়ত স্থানীয় লোক আৰু সংগঠনেও আৰক্ষীৰ সহযোগত কেইবাখনো গাড়ী জব্দ কৰিবলৈ সক্ষম হৈছে যদিও উজনিৰ পৰা অব্যাহত থকা গৰুৰ চোৰাং বজাৰখন উৎখাত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। যোৱা ২ ছেপ্টেম্বৰটো ডিব্ৰুগড়ত আৰক্ষীয়ে লাহোৱালৰ ৰাজপথত খেদি খেদি ৩৩ টাকৈ বলধ গৰু ট্ৰাকসহ জব্দ কৰাৰ বিষয়ে সংবাদ মাধ্যমত ইতিমধ্যে সবিস্তাৰে প্ৰকাশ হৈ গৈছে। কিন্তু উক্ত দিনাও গৰুৰ চোৰাং ব্যৱসায়ত জড়িত কোনো এজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল।

এতিয়া ৰাইজৰ প্ৰশ্ন বগীবিলকে ধৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশাৰ ভাগত গৰু, কাঠ, কয়লা আদিৰ চোৰাং সামগ্ৰীৰ কৰিডৰলৈ ৰূপান্তৰিত কৰা মাফিয়া চক্ৰক উৎখাত কৰাৰ ক্ষেত্ৰত কেনেকৈ সফল হ’ব আৰক্ষী। শূন্য সহনশীলতাৰ কথা আওৰাই থকা মুখ্যমন্ত্ৰী সোনোৱালৰ গৃহ জিলাত সংঘটিত হৈ থকা এনেবোৰ ঘটনা ৰুধিবলৈ কেতিয়াকৈ সক্ষম হ’ব সেইয়া ৰাইজৰ মাজত লাখটকীয়া প্ৰশ্ন৷ নিশাৰ ভাগত গৰু, কাঠ, কয়লা আদিৰ চোৰাং সামগ্ৰীৰ কৰিডৰলৈ ৰূপান্তৰিত কৰা মাফিয়া চক্ৰক উৎখাত কৰাৰ ক্ষেত্ৰত কেনেকৈ সফল হ’ব আৰক্ষী তাকে লৈ বিভিন্ন মহলত আলোচনা হৈছে৷

Tags: Featured
Share4Tweet3Send

Related Posts

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx